Wednesday 22 February 2017

পৰ্যটকৰ দৃষ্টিত মৰিগাঁও - ভাস্কৰজ্যোতি দাস

আগকথা
অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা ঐতিহ্যক্ষেত্ৰসমূহ তথা প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশে অসমখনক ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত তুলি ধৰিছে৷ অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে ব্ৰহ্মপূত্ৰৰ দুয়োটা পাৰত বিভিন্ন সময়ত বিভিন্ন সভ্যতাই গঢ় লৈ উঠিছিল৷ আদিম যুগৰ পৰা এতিয়ালৈকে বহু ৰজা-মহাৰজাৰ বীৰ বিক্ৰমৰ অলেখ চানেকি অসমখনৰ ভৌগোলিক মানচিত্ৰৰ বুকুত সোমাই আছে৷ এনে এখন লেখত লবলগীয়া স্থান হল মৰিগাঁও৷ প্ৰাচীন সময়ৰে পৰা ঐতিহ্যৰ সমল এসোপামান বুকুত বান্ধি ৰখা জিলাখনে অসমৰ মানচিত্ৰত, অসমীয়া জাতিসত্বাত এক অনবদ্য স্থান দখল কৰি আহিছে৷ মৰিগাঁৱৰ সুনিৰ্দিষ্ট বুৰঞ্জী নাই বাবেই ইয়াৰ ঐতিহ্যৰ বিষয়সমুহ সিমান চৰ্চিত হোৱা নাই৷ তথাপিও প্ৰাকবৈষ্ণৱ সময়ৰ পৰা বৰ্তমানলৈকে লিখিত কিছু কিংবদন্তি, গৱেষণামূলক গ্ৰন্থ তথা প্ৰবন্ধ-পাতিয়ে জিলাখনৰ ভৌগোলিক সীমাৰ বুকুত সিঁচৰিত হৈ থকা প্ৰাকৃতিক তথা পুৰাতাত্ত্বিক সমলৰ আভাস দিয়ে৷ জিলাখনৰ ঐতিহাসিক লোক জীৱন, লোকাচাৰ তথা অৰ্থ-সামাজিক আৰু সামগ্ৰিক ক্ষেত্ৰৰ কিছু তথ্যও ইয়াতে পোৱা যায়৷ জিলাখনৰ বুকুৱেদি বৈ যোৱা কলং, কপিলী, কিলিঙ নদীয়ে একালত এই ঠাইত ৰাজত্ব কৰা আৰিমত্ত, জোঙাল বলহু, গোভা, মায়ং, বঘৰা, ডিমৰীয়া, দন্দুৱা, বাৰপূজীয়া ইত্যাদি ৰজাসকলৰ দিনবোৰ সোঁৱৰাই দিয়ে৷ ইয়াৰোপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ঐতিহ্যমণ্ডিত স্থানসমুহ আৰু ইয়াত বসবাস কৰা লোকসকলৰ জীৱনশৈলীয়ে তেতিয়াৰ জীৱন, লোকৰীতি-লোকাচাৰৰ লগতে পৰিৱৰ্তনশীল সময়ৰ সাম্যক জ্ঞান দিয়ে৷
মৰিগাঁও জিলাত বসবাস কৰা লোকসকলৰ ভিতৰত বিশেষকৈ তিৱা, বড়ো, কছাৰী আৰু কাৰ্বি আদি জনজাতিৰ লোকসকলেই মুলত: ইয়াৰ ভূমিপুত্ৰ বুলি ধৰা হয়৷ ইয়াৰোপৰি বিভিন্ন সময়ত এই জিলালৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আহি এতিয়ালৈ ঐক্য-সংহতিৰ এক সমন্বয় ক্ষেত্ৰ হিচাবে গঢ় দি তুলিছে৷



মৰিগাঁৱৰ ঐতিহ্য
মৰিগাঁৱত বহুখিনি ঐতিহাসিক সমল আছে৷ লেখা এটাৰ মাধ্যমেৰে এইসমূহ সামৰাটো সম্ভৱ নহয়৷ তথাপিও ইয়াৰ ভিতৰত মায়ংৰ কথা উল্লেখ নকৰিলে ভুল হব৷ মহাভাৰতত ইয়াৰ উদ্ধৃতি আছে আৰু সেইমতে ভীমৰ পুত্ৰ ঘটোৎকচ এই মায়ংৰ ৰজা আছিল আৰু তন্ত্ৰ-মন্ত্ৰ শক্তিৰ অধিকাৰী আছিল৷ সেই সময়ৰে পৰা ভাৰতৰ তন্ত্ৰ-মন্ত্ৰ তথা কলাযাদুৰ মুল পীঠস্থলী আছিল এই মায়ং যত একালত অপদেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰতিবছৰে নৰবলি পৰ্যন্ত দিয়া হৈছিল৷ বৰ্তমানলৈ এই সমূহ নাই যদিও ইয়াৰ গৰঙা মন্দিৰৰ পৰিসৰত সংগৃহিত শাস্ত্ৰ, পাণ্ডুলিপি তথা তন্ত্ৰমন্ত্ৰত ব্যৱহৃত সমলসমুহে এৰি অহা সময়ৰ মায়ংখনৰ দস্তাৱেজ তুলি ধৰে৷ ইয়াৰোপৰি প্ৰায় চাৰি মিটাৰ দীঘল তথা এচিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ শিলালিপিও এই মায়ংতেই আছে৷ অঞ্চলটোত পোৱা বিভিন্ন পৌৰাণিক মন্দিৰৰ ভগ্নাৱশেষে পাঁচ হাজাৰ বছৰ পুৰণি ঠাইখনৰ সমকালীন সময়ৰ এক প্ৰতিচ্ছবি তুলি ধৰে৷ মায়ংৰ উপৰিও ধৰমতুলৰ শিলচাং ৰাজদৰবাৰ, বঘৰাৰ কইনা কন্দা শিলতো আছে৷ঐতিহ্য তথা জনশ্ৰোতিৰ কিছু ধুসৰিত পৃষ্ঠা
 
প্ৰকৃতিৰ, পৰম্পৰা, সময়ৰ কিছু কথা:-
প্ৰাকৃতিকভাৱেও মৰিগাঁও যথেষ্ঠ চহকী৷ পবিতৰা অভয়াৰণ্য আজিৰ তাৰিখত এশিঙীয়া গড়ৰ ক্ষেত্ৰত এখন লেখত লবলগীয়া স্থান যত এশিঙীয়া গড়ৰ ঘণত্ব আন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যতকৈ বহু বেছি৷ ইয়াৰ জৈৱ-বৈচিত্ৰও মন কৰিবলগীয়া৷ এই পবিতৰাৰ লগতে মৰিগাঁৱৰ বিভিন্ন বিল তথা জলাশয় পৰিভ্ৰমী চৰাইৰ বাবে ঋতুভেদে এক উত্তম ঠাই৷ চাৰণ বিল, দন্দুৱা বিল ইত্যাদিবোৰ প্ৰাকৃতিৰ সমলৰ দিশেৰে যথেষ্ঠ চহকী৷ তথ্য অনুযায়ী মৰিগাঁও ভাৰতৰ ভিতৰতে এনে এখন লেখত লবলগীয়া জিলা যত জলাশয়ে সাঙুৰি থকা এলেকা সকলোতকৈ বেছি৷
পৰম্পৰাৰ দিশেৰে চাবলৈ গলেও মৰিগাঁও এখন লেখত লবলগীয়া ঠাই৷ গোভা ৰাজ্যৰ স্বৰ্ণীল আৰ্থ-সামাজিক ব্যৱস্থাৰ এক দস্তাৱেজ হল মৰিগাঁৱৰ জোনবিল মেলা৷ এতিয়াও মাঘ বিহুৰ পাছৰ শণিবাৰটোত এই মেলা বহে আৰু এই জনসমুদ্ৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনভুমিত পৰিণত হয়৷ মুলত: কৃষিজীৱি লোকৰ বসতিস্থল এই জিলাখনত স্থাপন কৰা বনাঞ্চল গৱেষণা কেন্দ্ৰ, জাগীৰোড কাগজ কল, জাগীৰোডৰ শুকানমাছৰ বজাৰ ইত্যাদিবোৰে জিলাখনক আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাই আহিছে৷


মৰিগাঁও সম্পৰ্কে আমাৰ অনুভৱ
শেহতীয়াকৈ মৰিগাঁও জিলালৈ যোৱাৰ সৌভাগ্য ঘটিছিল৷ এক ভাবিবনোৱাৰা সন্মোহন আছে জিলাখনত৷ পিছে, ১৯৮৯ চনতে জিলা ঘোষণা কৰা জিলাখনৰ সদৰ ঠাই মৰিগাঁও চহৰখনৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ উন্নয়ন পৰিলক্ষিত নহল৷ বাট-পথৰ ক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷ পৌৰ এলেকাৰ ভিতৰত থকা মুল পথটোৰ লগতে আটাইকেইটা ৱাৰ্ডৰ বাট-পথৰ উন্নয়ন সাধিবলগীয়া আছে যেন ভাব হয়৷ লগতে চহৰখনৰ জাৱৰ নিস্কাষণ ব্যৱস্থাটো সঠিক নহয় যেন ভাব হল৷ আনহাতে নলা-নৰ্দমাও সুপৰিকল্পিত নোহোৱাৰ বাবে এজাক বৰষুণতে বাট-পথত পানী জমা হোৱা পৰিলক্ষিত হল৷ বিভিন্ন বিভাগৰ এই ক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷
জিলাখনৰ ঐতিহাসিক ক্ষেত্ৰসমূহ সংযোগ কৰি ৰখা মুল বাট-পথবোৰৰো উন্নয়ন সাধিবলগীয়া আছে৷ কিয়নো যেতিয়ালৈকে বাট-পথ ঠিক নহয়, তেতিয়ালৈকে পৰ্যটনৰ ক্ষেত্ৰখনৰ উত্তৰণ সম্ভৱ নহয়৷ চাৰণ বিলক পৰ্যটনৰ আকৰ্ষণীয় থলী হিচাবে গঢ়ি তুলিবলৈ বহুখিনি কাম কৰিবলগীয়া আছে৷ কিছু আধুনিক সংমিশ্ৰণেৰে এই বিলৰ পাৰত সন্ধিয়াৰপৰা আলোকসজ্জাৰ এক মায়াবী সংযোজন ঘটোৱাই পৰ্যটনৰ এক আকৰ্ষণীয় থলি হিচাবে গঢ়ি তোলাৰ থল আছে৷   
মায়ংক সঠিক ৰূপত উপস্থাপন কৰিবলগীয়া আছে৷ ইতিহ্যৰ বিষয়সমূহ সঠিক ৰূপত সজাই তুলি পৰ্যটকৰ বাবে ডাঙি ধৰিলে কেৱল মায়ংক কেন্দ্ৰ কৰিয়েই মৰিগাঁৱত পৰ্যটনৰ উত্থানৰ জয়যাত্ৰা আৰম্ভ হব পাৰে৷ গাতে লাগি থকা পবিতৰা অভয়াৰণ্যই এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব৷ মায়ংৰ লগত জিলাখনৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথসমূহৰ উন্নয়ন কৰিলেহে পৰ্যটনৰ বিশ্বমুখী যাত্ৰাত মায়ঙে বাট বুলিব পাৰিব৷
এই ঠাইসমূহৰ উপৰিও আঁহতগুৰি, পাটেকীবড়ি আদিৰ দৰে যিসমূহ স্থানৰ ঐতিহ্য আছে সেইসমূহ স্থানৰ ওপৰিও আন আন ক্ষেত্ৰসমূহৰ উন্নতি সাধন কৰি জিলাখনৰ পৰ্যটনৰ মানচিত্ৰত সংযোগ কৰিবলগীয়া আছে৷
মৰিগাঁৱৰ বৃহৎ জলৰাশিত বিজ্ঞানসন্মতভাবে মীনপালন কৰিলে নিবনুৱাসকল বহু পৰিমানে স্বাৱলম্বী হব৷ প্ৰশাসন তথা মীন বিভাগে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ললে ইয়াৰপৰা এক বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা যাব বুলি ভাৱ হয়৷ 


       মৰিগাঁৱৰ পৰ্যটন/ সামগ্ৰিক উত্তৰণৰ বাবে লবপৰা সাম্ভাব্য পদক্ষেপ:-

বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত আগুৱাবলৈ ভাৰতৰ বিভিন্ন স্থানত কিছুমান দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা লোৱা দেখা গৈছে৷ বহু ঠাইত এইসমূহ পদক্ষেপ ফলপ্ৰসু হৈছে৷ মৰিগাঁৱৰ ক্ষেত্ৰত এই কামসমুহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক ক্ষিপ্ৰতামুলক (Mission Mode) কৰ্মসুচী ললে সুফল পাব বুলি আমাৰ বিস্বাস৷ মৰিগাঁও চহৰখনকে মুখ্য কৰি আন আন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে জিলা প্ৰশাসনে এক বিশেষ প্ৰকল্প গোট” (Special Project Team) খুলি ইয়াত সংষ্লিষ্ট বিভাগ (Stake holding departments)ৰ বিষয়া, সমাজৰ নেতৃস্থানীয় ব্যক্তি, বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান তথা সংগঠনৰ নেতৃবৰ্গক লৈ এখন সমাজ গঠন কৰি (পঞ্জীয়নভুক্ত) বাৰ্ষিক কৰ্মসুচী প্ৰস্তুত কৰি অগ্ৰসৰ হলে সুফল পাব বুলি ভাবোঁ৷
আনহাতে, চহৰৰ চাফ-চিকুনতাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ হেতু বিভিন্ন দল-সংগঠন, ব্যৱসায়িক সমুদায়ৰ সহায়ত পৌৰসভাই নিজাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ কিয়নো ৰাইজ সজাগ নহলে চাফ-চিকুণতাৰ ক্ষেত্ৰত বহু কিবা-কিবি পৰিকল্পনা কৰিলেও বিশেষ লাভ নহব৷
জিলাখনৰ প্ৰতিখন ঐতিহ্যক্ষেত্ৰৰে ক্ষেত্ৰভিত্তিক জৰীপ কৰি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনিৰ খচৰা প্ৰস্তুত কৰি সেইমতে আগবাঢ়িলে সুফল নোপোৱাৰ কথা নাহে৷ সঠিক পৰিকল্পনাতে যিকোনো কামৰে আধা শেষ হোৱা বুলি ধৰা হয়৷ গতিকে চৰকাৰী বিভাগসমূহে পৃথকে পৃথকে কাম নকৰি দলবদ্ধভাৱে এই ক্ষেত্ৰসমূহৰ উত্তৰণৰ হেতু মনোনিৱেশ কৰিলে সুফল লাভ কৰাটো সহজসাধ্য হব৷
     শেহতীয়াকৈ অসমৰ এজন সুযোগ্য সন্তান হেমেন দাসে মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ পূৰ্বতে অসম চৰকাৰৰ পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা উপায়ুক্তজনৰ পৌৰ এলেকাৰ উন্নয়নৰ সন্দৰ্ভত যথেষ্ঠ অভিজ্ঞতা আছে৷ এতিয়া তেখেতৰ নেতৃত্বত পৌৰ এলেকাৰ লগতে মৰিগাঁৱৰ ঐতিহ্যক্ষেত্ৰসমূহৰ সংবৰ্ধন তথা সংৰক্ষণৰ ক্ষেত্ৰত কিছু অগতানুগতিক তথা ফলপ্ৰসু কাম হব বুলি আমাৰ দৃঢ় বিস্বাস৷



পৰিশেষত:-  
পূৰ্বৰ এটা লেখাতো এই কথা উল্লেখ কৰিছিলোঁ যে অসম সাহিত্য সভাৰ সফলতম অধিৱেশন বুলিলে প্ৰথমে মৰিগাঁও অধিৱেশনৰ নামেই আহে৷ এতেকে মৰিগাঁৱত ভাল মানুহৰ, ভাল মনৰ, ভাল চিন্তাৰ অভাৱ নাই৷ যিকোনো ঠাই এখনৰ বিকাশৰ বাবে বহুত ডাঙৰ কিবাকিবি নকৰি সৰু-সুৰা কাম কিছুমান হাতত ললেই এটা প্ৰক্ৰিয়া আৰম্ভ হয়৷ এই প্ৰক্ৰিয়াটোৱে এক আৰম্ভণি দিয়ে, এক গতি দিয়ে৷ মৰিগাঁও জিলাখনত সমলৰ দিশেৰ সকলো আছিল আৰু এতিয়াও আছে ৷ কেৱল ঐক্যবদ্ধ প্ৰচেষ্টাৰে নিজৰ জিলা বুলি সকলোৱে গণ্য কৰি কৰণীয় কামসমূহ চলাই নিলে অতি কম সময়ৰ ভিতৰতে জিলাখনত পৰ্যটনক এক উদ্যোগ হিচাবে গঢ়ি তোলাতো সম্ভৱপৰ হৈ উঠিব৷
    
                                   
                                     - - - 


Tuesday 22 December 2015

মৰিগাঁৱলৈ আহিবা (কবিতা) - দিগন্ত কুমাৰ বড়া / গছৰগুৰি, মৰিগাওঁ


বহাগতে আহিবা আমাৰ গাঁৱলৈ
দেখুৱাম গোঁসাই উলিওৱা মেলা ।
ত্ৰিভূবন ঘূৰিও নাপাবা তুমি
জেঠৰ বাঙিয়া মেলা ।।

আহাৰত আহিবা ভূঁই ৰুবলৈ
শাওণত পথাৰ চাবা ।
ভাদত দেখিবা নাম কীৰ্তনেৰে
পাতেকীবড়িৰ চোতাল ভৰা ।।


আহিন মহীয়া পূজাৰ বতৰ
কি যে মজা লাগে ।
কাতি-আঘোণত ৰাস চাবলৈ
হিলদল ভাঙি আহে ।।

পুহ মহীয়া জাৰত কঁপি
পবিতৰাৰ গঁড় চাবা ।
মাঘত আহিবা জোনবিললৈ
ঐতিহ্যক ফিৰাই পাবা ।।

ফাগুনৰ ফাকুৱা সকলোতে হয়
আহিলেহে বুজি পাবা ।
চ'তলৈকে বাট চাম, মায়ংৰো যাদু দেখুৱাম
মাথো এবাৰ আহি যাবা ।।


কবি - দিগন্ত কুমাৰ বড়া ।
ঠিকনা - গছৰগুৰি, মৰিগাঁ‌ও
ভ্ৰাম্যভাষ - ৯৬১৩৬-৯৬১৪৬

মৰিগাঁও জিলাত প্ৰচলিত কথিত অসমীয়া - মৰিগঞাঁ লোক ভাষাৰ বিষয়ে কিছু - মনোজ কুমাৰ মহন্ত (আমোলাপট্টি , মৰিগাওঁ)



-‘ক’ক(ত) যা?’
-‘মাছ মাই(ৰি)বা যাং। আ(ৰা)ইজে চাৱণ বিলত জেং মাইছি! যাৱা যিদি যাং যৌ। ‌’
- ‘আই…আহ ঔ !এনেহেন ঠাণ্ডাত ব’কা পানী ঘেলিবালিগি কুণি যাবা এ? ত’য়ে যাহ দে!’
- ‘হয় দে। গ’টেই আ(ৰা)ইজমাসা জেং মাৱিবা যাব পাই, ত’হে ম’ ঠাণ্ডা লাগিছি আক’… মৱিবা ধৱা (মৰিব ধৰা)  ত'(বা জেনী)!’


মৰিগাঁও জিলাৰ ভিতৰুৱা অঞ্চলৰ দুগৰাকী লোকৰ মাজত নিজৰ কথিত অসমীয়াত কথোপকথনৰ একাংশ এয়া। বাক্যত ব্যৱহৃত শব্দৰ উচ্চাৰণ বন্ধনীৰ ভিতৰত দিয়া বৰ্ণৰ পৰিবৰ্তিত ৰূপ।


অসমীয়াৰ বিভিন্ন কথিত ৰূপ- গোৱালপৰীয়া, কামৰূপীয়া, নলবৰীয়া, বৰপেটীয়া লোকভাষা আদিৰ দৰে মৰিগাঁও অঞ্চলত প্ৰচলিত এই কথিত অসমীয়াক মৰিগঞা লোক (উপ)ভাষা হিচাপে জনা যায় বা কোৱা হয়। এই ভাষাটোৰ ভিতৰতেই মৰিগঞা লোকভাষাৰ চহকী শব্দভাণ্ডাৰ পৰিলক্ষিত হয়৷ কিন্তু ভাষাবিদ সকলে এতিয়াও ইয়াৰ প্ৰতি উচিত দৃষ্টি দিয়া নাই বাবে প্ৰচলিত ৰূপটোৰ লগত অসমবাসীৰ বৰকৈ পৰিচয় নাই বুলিব পাৰি। জিলাখনত পুৰণিকালৰ পৰা বসবাস কৰা প্ৰায় সকলো শ্ৰেণীৰ গ্ৰামীণ লোক আৰু তিৱা জনগোষ্ঠীৰ লোক সকলে বহুলভাৱে অসমীয়াৰ কথিত ৰূপটো ব্যৱহাৰ কৰি আহিছে। 
        
      কিন্তু দেখা যায় বৰ্তমান মৰিগাঁৱৰ নতুন প্ৰজন্মৰ এই লোকভাষাৰ প্ৰতি জন্মা হেয় মনোভাৱ আৰু ঘৰুৱা কথা-বতৰাত লোকভাষাৰ চৰ্চাৰ অভাৱ আদিয়ে ইয়াক বিলুপ্তিৰ দিশৰ ফালে লৈ গৈছে। তদুপৰি এতিয়াও ভাষাবিদ সকলৰ মৰিগঞা  উপভাষাৰ ভিতৰত বিদ্যমান লোকভাষাগত সম্পদবোৰক দিবলগা গুৰুত্বৰ অভাৱে ভাষাটোৰ প্ৰচলন সীমিত হৈ আহিছে। যদিও হালুৱা-হজুৱা, শ্ৰমিক, অশিক্ষিত বোলা লোক সকলেই মৰিগঞা কথিত ৰূপটো আজিও জীপাল কৰি ৰাখি আছে। বোধকৰোঁ সেয়ে শিক্ষিত (!) মৰিগঞা সকলৰ মুখতো নিবিচাৰিলেও অসঁচেতন মুহূৰ্তত লোকভাষাৰ প্ৰয়োগ দেখা যায়। সম্প্ৰতি প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ ড. অৰূপ নাথৰ গল্পত মৰিগঞা উপভাষা আৰু লোকভাষিক শব্দ প্ৰয়োগৰে ভাষাটোৰ পৰিচয় ডাঙি ধৰাৰ এক নিৰলস প্ৰচেষ্টা পৰিলক্ষিত হয়। আৰম্ভণিতে উনুকিয়াই থোৱা ভাল হ’ব এই লেখকৰ ভাষা সম্পৰ্কে কোনো ধৰণৰ অধ্যয়ন নাই। এনে পৰ্য্যায়ত লোকভাষাৰ বিষয়ে লিখিবলৈ যোৱাতো মৰসাহৰ বাহিৰে একো নহয়। তথাপি তাহানিৰ পৰা ভাষাটো শুনি অহাৰ অভিজ্ঞতা, তাৰ প্ৰতি জন্ম হোৱা টান তথা মৰিগঞা লোকভাষাৰ সাধাৰণ পৰিচয় মূলক লেখাৰ এটাৰ স্বাৰ্থতহে এই লেখা প্ৰস্তুত কৰা হৈছে। সেয়ে লেখাত ভুল ভ্ৰান্তি নাই বুলিব বিচৰা নাই।

অসমীয়া ভাষাৰ বিভিন্ন কথিত ৰূপ সমূহৰ দৰেই মৰিগাঁও অঞ্চলত ব্যৱহৃত এই কথিত ৰূপটোৰ নিজা কিছু একক বৈশিষ্ট্য আছে। তাৰ অলপ আভাস দিবলৈ চেষ্টা কৰা হৈছে। প্ৰথমে শুনাত কামৰূপীয়া বা নলবৰীয়া আদি কথিত অসমীয়াৰ অপভ্ৰংশ যেন লাগিলেও এই ৰূপটোত আছে ভিন্নমাত্ৰাৰ উচ্চাৰণ, সুৰ, শব্দৰ পয়োভৰ। মৰিগঞা লোকভাষাত অসমীয়াৰ 'ৰ'ৰ উচ্চাৰণ অনুপস্থিত বা তাৰ ঠাইত শব্দভেদে ‘অ’ , ‘ই’ আৰু ‘ৱ’ ৰ উচ্চাৰণ কথিত ভাষাটোৰ অন্য এক বৈশিষ্ট্য। ইয়াত ব্যঞ্জন বৰ্ণ ‘শ, স, ষ’ ৰ উচ্চাৰণ কেৱল ‘স’ বুলি কৰা হয়। ‘খ’ৰ সলনি ‘স’ আৰু ‘ও’ বা ‘ো’ কাৰৰ পৰিবৰ্তে ‘ং’ /’ঙ’ ৰ উচ্চাৰণ মৰিগঞা লোকভাষাত সহজত দৃষ্টিগোচৰ হয়। যেনে :
তোৰ> ত’
চৰাই >চআই
বগৰী> বগ’ই
হুচৰি> হুচ’ই
গৰখীয়া> গ’খীয়া
পুৰণি > পুৱণি
গৰু> গওঁ
পাখী> পাসী, পাসা
মুখ> মুস
দুখ> দুস
শংখ> সংস
শংকা>সংকা
ষাড়> সা
জোঁৱাই >জঙাই
যাওঁ      > যাং
খালো   >খালং
গলো    >গলং
তদুপৰি শব্দভেদে ‘প’ ঠাইত ‘ফ’ (যেনে: ভাপ> ভাফ, পেলা> ফেলা, খোপা> স’ফা) আৰু ‘ন’ৰ ঠাইত ‘ল’ (যেনে : নাঙল> লাঙন, নেজ>লেজ, চালনী>চানেলী, নোম > লুম) উচ্চাৰণ কৰা হয়। স্থানীয় গৱেষক নাৰায়ণ শইকীয়া দেৱে ইয়াক ধ্বনি বিপৰ্য্যয় বুলি কলেও এনেবোৰ উপাদানে ইয়াক অন্য লোকভাষাৰ পৰা নিলগাই ৰাখিছে। কথিত ভাষাটোত ‘ৰ’ ৰ অনুপস্থিতি আৰু তাৰ পাছৰ ‘পৰা’ পৰসৰ্গৰ অন্যৰূপ ‘পেআ’ , ‘পা’ আদিৰ প্ৰয়োগ লক্ষ্যনীয়।

উদাহৰণ :
-ক’পেআ আহিলি?(ক’ৰ পৰা আহিলি?)
-ঘৱপা আহিলং। (ঘৰৰ পৰা আহিলোঁ। )
কিছুমান শব্দ ক্ৰিয়াবাচক পৰসৰ্গৰ দৰে বহুল ভাৱে ব্যৱহাৰ হয়। যেনে: একা/আকা/কা, দে,না, দিয়ক আদি।
উদাহৰণ:
তই নগলি কা/একা/আকা ?
তই যাবি দে!
সি যাব না?
মই যাং দিয়ক/ খাং দিয়ক।
আনহাতে চতুৰ্থী বিভক্তি ‘লৈ’ৰ পৰিবৰ্তে গেলি/লেগি/লাগি প্ৰয়োগ কৰা হয়। যেনে: মদনক বজাৰক লাগি যাবা দি।
তক গেলি চলাটো আনিছং।
আনহাতে মৰিগঞা উপভাষাত ‘লৈ’ৰ ঠাইত দ্বিতীয়াৰ ‘ক’ ব্যৱহাৰ কৰা হয়। উদাহৰণ:
তই ক’ক যা/যোৱা ?
ঘৰক যাবি না ?
ইয়াত বহুবচন নিৰ্দ্দেশ কৰিবলৈ শব্দৰ পিছত কিছুমান লোকভাষিক শব্দ ভোৰ (বোৰ), গিলা, সপা, মাসা আদি যোগ দি বুজোৱা হয়। যেনে:  ছাগেলীভুৰ, চলিসপা, মানুহমাসা আদি।

সময়ক নিৰ্দিষ্ট কৰি বুজোৱা শব্দ
কিছু -ইতিয়া(এতিয়া), তিতিয়া(তেতিয়া), যিতিয়া (যেতিয়া), এথনি (অথনি), আওবেলি (অহাবাৰ), তেজবেলি (যোৱাবাৰ) আদি। অসমীয়াৰ আন আন পৰিচিত কথিত লোক ভাষাৰ দৰে মৰিগঞা লোকভাষাৰো নিজস্ব ঠাঁচৰ বহু শব্দ আছে। তাৰে কিছু দিবলৈ যত্ন কৰা হৈছে। লগতে সোঁফালে বন্ধনীৰ ভিতৰত মান্য অসমীয়াৰ শব্দটো দিয়া হৈছে।

পিৰিতি(ভ্ৰু)
ফাদনি(কৰঙণ)
ক’টি(পোকৰ)
ঠোঠ(ঠোট)
তালুকা(তালু)
চনা/পোৱালি (কেঁচুৱা/শিশু)
জঙাই (জোঁৱাই)
গভিয়া/চপনিয়া (ঘৰ জোঁৱাই)
চেঙেৰা (ডেকা)
মামৰিয়া (মাউৰা)
গেন্দাৰ (গড়)
পিপৰ (পৰুৱা)
গফলি/ফান (চোঁৱৰ)
তেমতিউ (ফেঁচু)
যমতকলা (বৰটোকোলা)
মাছলংকা (মাছৰোকা)
হুচিংকা (ঘৰচিৰিকা)
তেলভকুৱা/চলম (পইতাঁচোৰা)
চকৰি (পখিলা)
পকা/পক(পোক)
অচিৰিঙা (উঁইচিৰিঙা)
ঘুমেইখাইতী (গেদগেদী মাছ)
গৰকা/চেঙেলী(চেংমাছ)
ৰৌ মুনি/ৰৌ মুৱলি (শিঙৰা)
তেঙেৰা (শিঙৰা)
কৰোৱা (কাৱৈমাছ)
আতনা কঠাল (আতলাচ)
লৈটেঙা/ধুপুৰী (পৰামলখী)
মইন টেঙা(কোটকোৰা)
দাৰিয়া (জবা)
কাথিকুঁৰ/বেহাৰি (নয়নতৰা)
তুঁহফুল(নাৰ্জি)
আখুৰ নাৰি (আকাশীলতা)
ভেনজাৰি/ভিজাই (নৰসিংহ)
মেচকুৰি (নুনি)
নেওথনি (মাটি কাদুৰী)
ফালি (গামোছা)
ভাজনি (শিপিনী)
জকৰা ভাত(পঁইতাভাত)
খাইতেল (মিঠাতেল)
এদাং (আধামোন)
এপালা/এপলা (পাঁচসেৰ)
নিমনি (ভাতৰ মাৰ)
জুপজাপ (মুটামুটি হিচাপত)
দঙ/দোঙ (নিজৰা/খাল)
অবৰা (বেঙা)
মৰাহী (আঁউসী)
পূণি (পূৰ্ণিমাৰ জোন)
আটাহ পাৰ (চিঞৰ মাৰ)
যাই থাক (গৈ থাক)
লেলপা (লেৰেলি পৰা)
আদৰি সাদৰি খা(আঠমঙলা খোৱা)
বতৰ পৰা (বৰষুণ দিয়া)
নঞিলং (নোৱাৰিলোঁ)
নৰং/নেদং(নোৱাৰোঁ/নিদো)
নমাইলা (লৰ মাৰিলে )
ভাত জতাইছং (ভাত বাঢ়িছোঁ)
তিৰীবাৰী হ’ (গৃহস্থৰ মৃত্যু হওঁক)
হাগীবতিয়াই যা (কলেৰা হৈ মৰক)
ওজনত যোৱা (ফাউকত যোৱা)
পক লাগা (পোক লগা)
গামবুঢ়া (গাঁওবুঢ়া)
জোন জাগিলে (পূৰ্ণিমাৰ আগদিনা)
চেঙেয়া কালত যাইতি(অকালতে মৰ-স্ত্ৰীলিংগৰ প্ৰতি)
হাইজাত পঅাতি (হাইজাত মৰ- ঐ-)।
নিবুন্দি হ' (জ্ঞান বুদ্ধি লোপ হওঁক)।
ভাষাবিদ সকলে মেটমৰা শব্দৰ সম্ভাৰৰে ভৰপুৰ হৈ থকা লোকভাষাটোৰ ওপৰত পদ্ধতিগত ভাৱে অধ্যয়ন কৰিলে বিলুপ্ত হ’ব ধৰা কেইবাহাজাৰ অসমীয়া শব্দ বিচাৰি পোৱাৰ থল আছে। যিয়ে অসমীয়া ভাষা তথা সাহিত্যক সমৃদ্ধি কৰিব।


গৱেষক নাৰায়ণ শইকীয়াদেৱৰ মতে ৰাজনৈতিক, সামাজিক আৰু ভৌগোলিক অৱস্থিতি আদিৰ কাৰণত মৰিগাঁও অঞ্চল (এতিয়াৰ জিলা) আৰু ইয়াৰ কাষৰ অঞ্চলত কথিত ভাষাই গঢ় লৈ উঠে। বহুকাল জুৰি কছাৰী ৰজা তাৰপাছত ৰহা,বঘৰা, মায়ং,গোভা আদি পোৱালী ৰজাসকলে ৰাজত্ব কৰাৰ পাছত অঞ্চলটো আহোমৰ হাতলৈ যায়। ফলত ভিন ভিন ৰাজনৈতিক -সামাজিক পৰিবেশৰ সংমিশ্ৰণত এটি সুকীয়া লোকভাষাৰ ঠাঁচ গঢ় লৈ উঠে। কালক্ৰমত নানা ধৰ্ম , জাতি উপজাতিৰ লোক আহি লোকভাষাত ন-ন উপাদানৰ যোগান ধৰিয়ে আছে। সামগ্ৰিক ভাৱে লোকভাষাটো একেৰূপৰ যদিও কৈৱৰ্ত্য, যোগী, কলিতা, অসমীয়া মুছলমান, ব্ৰাহ্মণ, মহন্ত আদি সম্প্ৰদায় ভেদে সুৰ, লয় আৰু শব্দ আদিৰ প্ৰচলন আছে। ইয়েই মূলতঃ লোকভাষাগত বৈশিষ্ট্য৷ মৰিগঞা লোকভাষিক শব্দত প্ৰাচীন অসমীয়া আৰু কামৰূপীৰ প্ৰভাৱ পৰিলক্ষিত হয়। কামৰূপীয়াত বৈষ্ণৱ পুথি, পদৰ শব্দ সম্ভাৰ মিল থকাৰ দৰে মৰিগঞা লোকভাষাতো কথা গুৰু চৰিত আদি পুথিৰ শব্দ সম্ভাৰ আৰু বৈয়াকৰনিক ৰূপ দেখা যায়। যেনে : আতা, আবু, আপি, চেৰি, হালি,কাঠি, লুম, পিপৰ, একা, লৰু আদি।

মান্য ভাষা এটাক ইয়াৰ লোকভাষা, আঞ্চলিক ভাষা (উপভাষা) আদিয়ে বহু পৰিমানে সমৃদ্ধ কৰে। অৰ্থাৎ লোকভাষাৰ বৈচিত্ৰ্যপূৰ্ণ ৰূপ আৰু শব্দ সম্ভাৰ, স্বকীয় উপাদানে মূলভাষাৰ ভেটি মজবুত কৰি তোলে। বিভিন্ন লোকভাষা সমূহৰ বৈশিষ্ট্য সমূহ অধ্যয়ন আৰু বিচাৰৰ জৰিয়তে  মূল ভাষাৰ  মৌলিকতা, ঐতিহাসিক স্থিতি তথা বিস্তৃতি আদিৰ সহজে উমান ল’ব পাৰি। সেই হিচাপে অসমীয়া ভাষাৰ বিভিন্ন কথিত লোকভাষাই মূলভাষাৰ স্বকীয় বৈশিষ্ট্যৰ প্ৰতি অৱদান যোগাই আহিছে। সেয়ে আনবোৰৰ লগতে এই লোকভাষাৰ প্ৰচলন ধৰি ৰখাটো প্ৰয়োজন। তাৰ বাবে মৰিগাঁও জিলা আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চল জুৰি যুগ যুগ ধৰি প্ৰচলিত মৰিগঞা লোকভাষাৰ সমলবোৰ অঞ্চলটোৰ ৰাইজে অৱহেলা নকৰি চৰ্চা কৰি যোৱা যুগুত। ওপৰত তুলি ধৰা আলোচনাৰ পৰা সহজে প্ৰতীয়মান হয় যে এই অঞ্চলত অতীজৰে পৰা প্ৰচলিত মৰিগঞা ভাষাটো নিজা বৈশিষ্ট্যৰ এক স্বকীয় লোকভাষা। অসমীয়া ভাষাৰ গৱেষক, পণ্ডিত সকলেও মৰিগঞা লোকভাষাক যথোচিত গুৰুত্ব প্ৰদান কৰি আগবঢ়াই নিয়া উচিত। নহ’লে অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ আন এক পৌৰাণিক লোকভাষাৰ বৈচিত্ৰ্যময় ৰূপ সময়ৰ সোঁতত বিলীন হৈ পৰিব।



(লেখাটো প্ৰস্তুত কৰোঁতে মূলত: হাতত পোৱাতে থকা গৱেষক, অধ্যাপক নাৰায়ন শইকীয়াৰ ‘মৰিগঞা উপভাষা’ নামৰ  বহুমুলীয়া নিবন্ধটোৰ সহায় লোৱা হৈছে। শব্দ সমূহৰ বেছি ভাগেই নিবন্ধটোৰ পৰা তুলি দিয়া। শইকীয়াদেৱলৈ এই ছেগতে কৃতজ্ঞতা জনাইছোঁ। লেখাটো অন লাইন মেগাজিন http://www.xahitya.org ৰ ডিচেম্বৰ সংখ্যাত প্ৰকাশ হৈছে।)

Sunday 8 February 2015

মধ্য যুগৰ যাদু মন্ত্ৰৰ পীঠস্থান -"মায়ং" ( লিখনি - ভাস্কৰ জযোতি দাস, শিৱসাগৰ)


মায়ং৷ অসমৰ মৰিগাওঁ জিলাস্থিত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা বৃহৎ অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দুৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়৷মায়ঙ নামটোৰ উৎপত্তিৰ সৈতে বহুতো প্ৰবাদ আৰু কিংবদন্তী জড়িত হৈ আছে৷ কিছুলোকৰ মত অনুসৰি মায়ং নামটো 'মায়া' শব্দৰ পৰা আহিছে৷ কাৰণ অতীজৰে পৰা এই অঞ্চলটোৰ যাদুবিদ্যাৰ বাবে 'মায়াৰ দেশ ( land of illusion) গণ্য কৰা হৈছিল৷ অন্য কিছু লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ-পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়৷ এই পাহাৰীয়া অঞ্চলটো সেইসময়ত হাতীৰ বসতিস্থল আছিল৷ ডিমাচা শব্দ 'Miyong'ৰ অৰ্থ হাতী৷ গতিকে 'মায়ং' নামটো এই শব্দৰ পৰাই উদ্ভৱ হোৱা৷কিংবদন্তী অনুসৰি মায়ঙ নামটোৱে 'শক্তি দেৱীৰ অংশ' বুজায়৷ 'মা' ৰ অৰ্থ শক্তি দেৱী আৰু 'Ongo 'ৰ অৰ্থ অংশ৷ মতামত যিয়েই নহওক- এই মায়ং নামটো আৰু ঈয়াৰ সৈতে জড়িত বিষয়সমূহে বিভিন্ন সময়ত সকলোৰে মন কৌতুহলী কৰি ৰাখিছে৷
যাদু-মন্ত্ৰৰ ব্যৱহাৰ তথা শিক্ষাৰ বাবে মায়ং একালত খুবেই প্ৰসিদ্ধ আছিল৷ এইসম্পৰ্কে বহুতো কাহিনী প্ৰচলিত থকাৰ সম্ভেদ পোৱা যায়৷ উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে আলহীৰ গাত পিৰা লাগি ধৰা, বহুতো দুৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাঁহী আঠা লাগি ধৰা আদি ঘটনাৰ কথা জনা যায়৷ এই অঞ্চললৈ যাদুশিক্ষাৰ উদেশ্যেৰে বহু দুৰ-দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়৷ কেইটামান ব্যতিক্ৰমৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল৷
কিংবদন্তীত মায়ঙৰ বিষয়ে প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ বুৰঞ্জীত বহু গুৰুত্বপূৰ্ণ উল্লেখ/ উদ্ধৃতি আছে৷ উদাহৰণস্বৰূপে কচাৰী ৰাজত্বৰ মহাৰজা ঘটোৎকচে মহাভাৰতৰ যুদ্ধত অংশ ল’বলৈ যাদুমন্ত্ৰৰ প্ৰ্য়োগ শিকিবলৈ মায়ংলৈ অহাৰ কথা জনা যায়৷
ঐতিহাসিক সাক্ষ্য অনুসৰি আধুনিক কালৰ আগভাগলৈকে শক্তি সাধনাৰ ক্ষেত্ৰত নৰবলি অৰ্থাৎ মানৱ-উৎসৰ্গাৰ প্ৰথা প্ৰচলিত আছিল। শেহতীয়াকৈ খন্দনৰ জৰিয়তে তৰোৱাল আৰু অন্যান্য চোকা অস্ত্ৰৰ সন্ধান এই মায়ঙত পোৱা গৈছে আৰু এইবোৰৰ সৈতে দেশৰ অন্যান্য প্ৰান্তত মানৱ-উৎসৰ্গাত ব্যৱহৃত অস্ত্ৰৰ সাদৃশ্য দেখা যায়। ভাৰতীয় প্ৰত্নতাত্বিক প্ৰাধিকৰণ (ASI), গুৱাহাটী চক্ৰৰ প্ৰাক্তন অধীক্ষক প্ৰত্নতাত্বিক কে মঞ্জুলে এই বিষয়ত কৰা গৱেষণাৰ অন্তত এইদৰে কয় - “The swords are huge, similar to what were used in human sacrifice in some parts of the country. The villagers, too, told us that their forefathers used to talk about human sacrifice. We have reason to believe that human sacrifice might have taken place in the Ahom era in Mayong. At present, the ritual of animal sacrifice is prevalent in Mayong as it is in other Shakti shrines in the state. But we need to find out more evidence to arrive at a conclusion.”
চহকী বন্যজীৱ, প্ৰত্নতাত্বিক তীৰ্থস্থান, ইক'-টুৰিজিম, এডভেন্সাৰ টুৰিজিম, সাংস্কৃতিক পৰ্যটন আৰু নদী পৰ্যটনৰ বাবে মায়ং পৰ্যটন আৰু প্ৰত্নতাত্বিক দিশত এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰিছে। মায়ং প্ৰত্নতাত্বিক ধ্বংসাৱশেষ তথা বহু আৱিস্কৃত আৰু আন বহুতো অনাৱিস্কৃত শিল্পকৃতি সমলেৰে ভৰপূৰ। গাওঁখনত থকা মায়ং কেন্দ্ৰীয় সংগ্ৰহালয় আৰু এম্প'ৰিয়ামত (Mayong Central Museum and Emporium) যাদু-মন্ত্ৰ (Black Magic) আৰু আয়ুৰ্বেদৰ বহু প্ৰাচীন পাণ্ডুলিপি সংৰক্ষিত হৈছে।








Saturday 7 February 2015

জোনবিল মেলা - পাহাৰ ভৈয়ামৰ সমন্বয় উৎসৱ


অসম ৰ এটা অতি আকৰ্ষণীয় উৎসৱ হ'ল
জোনবিল মেলা  ৷ মৰিগাঁও জিলাৰ
মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ
পৰা উত্তৰে তিনি কিলোমিটাৰ
দূৰত্বত অৱস্থিত এখন বিলৰ নাম
হৈছে জোনবিল৷ এই বিলৰ পাৰত
অনুষ্ঠিত হোৱা মেলাৰ নামেই
জোনবিল মেলা৷ মাঘ বিহু ৰ পিছৰ
সপ্তাহত এই মেলা অনুষ্ঠিত হয় ৷
এই মেলাৰ বিশেষ তাৎপৰ্য
হৈছে পাহাৰত বসবাস কৰা জনজাতীয়
তিৱা লোকসকলে তাত উৎপাদিত
বিভিন্ন দ্ৰব্য ভৈয়ামত বাস
কৰা তিৱা তথা অন্য জনগোষ্ঠীয়
লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ,
শুকান মাছ আদিৰ সৈতে বিনিময় কৰে৷
ইয়াত জাতি-বৰ্ণ-
ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য
বিনিময় কৰে৷ সেয়ে এই
মেলা হৈছে সম্প্ৰীতিৰ মেলা ৷
জোনবিল মেলাৰ আৰম্ভণি কোনে,
কেতিয়া কৰিছিল তাৰ সঠিক তথ্য
পোৱা নাযায় যদিও তাহানিৰ
গোভাৰাজ্য প্ৰতিষ্ঠাৰ দিনৰে পৰা এই
মেলাৰ আৰম্ভণি হোৱা বুলি পণ্ডিত-
গৱেষকসকলে মত পোষণ কৰিছে৷ সেই
হিচাপে গোভাৰজা হৈছে ইয়াৰ
জন্মদাতা৷
জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ
বিচাৰি গ'লে কিছুমান
জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত
হৈ অহা শুনিবলৈ পোৱা যায়৷
গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই
এদিন ৰাণীৰ বিহাৰ
কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ
পাইছিল৷ বিলৰ ফটফটীয়া পানীত
জোনৰ পোহৰ পৰি জিলিকি উঠিছিল৷
তাকে দেখি ৰজা-ৰাণীৰ মনত আনন্দ
লাগিছিল আৰু তেতিয়াই ৰজাই
ৰাণীক কৈছিল 'হেবে ছনাই পিল হঙদ'
অৰ্থাৎ এইখন জোনটোৰ দৰে বিল৷
তিৱা ভাষাত 'ছনাই'
মানে হৈছে জোন, এই ছনাই পিলৰ
পৰাই কালক্ৰমত অপভ্ৰংশহৈ ছনাই
পিল>জনাই পিল>জোনবিল
হোৱা বুলি কোৱাৰ থল আছে৷
ভৌগোলিক দৃষ্টিকোণৰ পৰা লক্ষ্য
কৰিলে দেখা যায় যে এই বিলখনৰ
আকৃতি কাঁচি জোনটোৰ দৰে, সেই
বাবেও হয়টো ইয়াৰ নাম জোনবিল হ'ব
পাৰে ৷
জোনবিল মেলা মাঘ বিহুৰ পিছৰ
সপ্তাহত আৰম্ভ হয়৷ সপ্তাহটোৰ মঙ্গল-
বুধবাৰৰ পৰা মানুহৰ সমাগম হয় যদিও
শুক্ৰবাৰ আৰু শনিবাৰেহে প্ৰধান
মেলা হয়৷ মেলা আৰম্ভ হোৱাৰ
পূৰ্বে জোনবিলত ৰজাৰ পাৰিষদবৰ্গ
তথা বিভিন্ন গাঁৱৰ নিৰ্দিষ্ট
ব্যক্তিবোৰে মাছ মাৰে, ইয়াক
'ৰজা মাছ' মৰা বুলি কয়৷ সেই
মাছেৰে জোনবিলৰ পাৰত ৰজাৰ
সহিতে সকলোৱে মিলিজুলি ভোজভাত
খায়৷ ইয়াৰ
পিছদিনা সকলো ৰাইজলৈ এই বিলখন
মাছ মৰাৰ বাবে মুকলি কৰি দিয়ে৷


মেলাৰ মূল বিষয় :
মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা৷
বৰ্তমান যুগত টকা-পইচাৰে ক্ৰয় বিক্ৰয়
কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য
দ্ৰব্যৰে আদান-প্ৰদান
কৰি থকা প্ৰথা দেখা যায়৷ পাহাৰত
বসবাস কৰা তিৱা সকলে তেওঁলোকৰ
উৎপাদিত খাদ্য শস্য,
কৃষি সামগ্ৰী যেনে- কচু, হালধি ,
বাঁহগাজ, জলকীয়া , ঠেকেৰা, লা ,
শালধূনা আদি ভৈয়ামৰ লোকসকলৰ
সান্দহ , পিঠা, মাছ ইত্যাদিৰ
সৈতে বিনিময় কৰে৷ এই মেলাত
খাচিয়া, জয়ন্তীয়া , গাৰো , কাৰ্বি
পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে৷
সকলোৱে নিজ নিজ দ্ৰব্য হোৰাত ভৰাই
লয় আৰু মেলাত থাকিবৰ বাবে বিভিন্ন
সা-সঁজুলি লৈ আহে৷ বিনিময়
প্ৰথা আৰম্ভ হোৱাৰ
সমান্তৰালভাৱে সেই ঠাইৰ ওচৰতে
কুকুৰা যুঁজ আৰম্ভ কৰা হয়৷
আনহাতে গোটেই মেলাখন
পৰিচালনা কৰিবৰ বাবে একোখন
পৰিচালনা সমিতি থাকে৷ এই উদ্যাপন
সমিতিয়ে যাৱতীয় সকলো সা-
সুবিধাৰ ব্যৱস্থা কৰি দিয়ে ৷


সাহিত্য :

জোনবিলাৰ মেলাৰ বিষয়ে
ৰীতা চৌধুৰীৰ সাহিত্য
অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থ " দেও
লাংখুই"ত সুন্দৰ
বৰ্ণনা দেখিবলৈ পোৱা যায় ৷



জোনবিল মেলাৰ মাছ মৰাৰ দৃশ্য ( ফটো লুইট চলিহা )


A tiwa tribal women at Junbeel Mela with her baby back. [Luit Chaliha]