আমাৰ বিষয়ে (About Us)

অসমৰ সোমাজত , ব্ৰহ্মপুত্ৰ নদৰ দক্ষিন প্ৰান্তত স্থিত এখন সৰু অথচ মনোমোহা চহৰ মৰিগাঁৱলৈ আপোনাক স্বাগতম । কিছু ৰাজনৈতিক নেতাৰ অপকবলত পৰি বাট পথৰ কিছু ক্ষতি হৈছে যদিও কোমল মনৰ অধিকাৰী মানুহেৰে ভৰা এই মৰিগাঁও । প্ৰকৃতিৰ বৰদান স্বৰূপ নদ , নদী , বনাঞ্চল , পাহাৰ , বিল , জলাহ আদিৰে ভৰপুৰ এই জিলা । কিন্তু উপযুক্ত ৰক্ষনা বেক্ষনৰ অভাৱত পৰিত্যক্তহৈ পৰিছে এই সমূহ । খৰালি বিভিন্ন পৰিভ্ৰমী চৰাই আহি পৰেহি এই বিল সমূহত কিন্তু ৰক্ষনাবেক্ষনৰ অভাৱত হাজাৰ বিজাৰ পখী আহাৰ হ'বলৈ বাধ্য । তাৰো পৰি প্ৰব্ৰজনকাৰী বাংলাদেশীৰে ভৰি পৰিছে মৰিগাঁওৰ উত্তৰাঞ্চল । ফলত বৃদ্ধিপাইছে হত্যা মাৰি মৰক আদি । 
মৰিগাঁও জিলাতে আছে জৈৱবিচিত্ৰতাৰ অন্যতম ক্ষেত্ৰ পবিতৰা , আমচৈ বনাঞ্চল , হাতিবাট আদি সৰু বৰ বনাঞ্চল ।
তাৰোপৰি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান পাতেকীবৰি সত্ৰ আৰু ৰসৰাজ লক্ষ্মী নাথ বেজবৰুৱাৰ নৌকাস্থ স্থান আঁহত গুৰি ।

চৰকাৰে এইবোৰৰ প্ৰতি সজাগহোৱা নাই , সংৰক্ষনৰ কথাও ভবা নাই ।
বহুতো নেতাই উন্নয়ন টকাৰে অট্টালিকা সাজিছে । 
আমাৰ মৰিগাওঁ খনৰ উন্নতিৰ কথা ভাবি চাইছেনে ?
আহক আমি এবাৰ ভাৱো ।
গৰ্বৰে কওঁ "আমি মৰিগয়া" !!!!!
 

এই চাইটৰ যোগেদি আহক আমি মৰিগাঁও জিলাক প্ৰকাশ কৰিম , আহক আমাৰ এই যাত্ৰাৰ সহযাত্ৰী হওঁক ।

জয় আই অসম ।

No comments:

Post a Comment