Wednesday 22 February 2017

পৰ্যটকৰ দৃষ্টিত মৰিগাঁও - ভাস্কৰজ্যোতি দাস

আগকথা
অসমৰ বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা ঐতিহ্যক্ষেত্ৰসমূহ তথা প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশে অসমখনক ক্ৰমে বিশ্ব পৰ্যটনৰ মানচিত্ৰত তুলি ধৰিছে৷ অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে ব্ৰহ্মপূত্ৰৰ দুয়োটা পাৰত বিভিন্ন সময়ত বিভিন্ন সভ্যতাই গঢ় লৈ উঠিছিল৷ আদিম যুগৰ পৰা এতিয়ালৈকে বহু ৰজা-মহাৰজাৰ বীৰ বিক্ৰমৰ অলেখ চানেকি অসমখনৰ ভৌগোলিক মানচিত্ৰৰ বুকুত সোমাই আছে৷ এনে এখন লেখত লবলগীয়া স্থান হল মৰিগাঁও৷ প্ৰাচীন সময়ৰে পৰা ঐতিহ্যৰ সমল এসোপামান বুকুত বান্ধি ৰখা জিলাখনে অসমৰ মানচিত্ৰত, অসমীয়া জাতিসত্বাত এক অনবদ্য স্থান দখল কৰি আহিছে৷ মৰিগাঁৱৰ সুনিৰ্দিষ্ট বুৰঞ্জী নাই বাবেই ইয়াৰ ঐতিহ্যৰ বিষয়সমুহ সিমান চৰ্চিত হোৱা নাই৷ তথাপিও প্ৰাকবৈষ্ণৱ সময়ৰ পৰা বৰ্তমানলৈকে লিখিত কিছু কিংবদন্তি, গৱেষণামূলক গ্ৰন্থ তথা প্ৰবন্ধ-পাতিয়ে জিলাখনৰ ভৌগোলিক সীমাৰ বুকুত সিঁচৰিত হৈ থকা প্ৰাকৃতিক তথা পুৰাতাত্ত্বিক সমলৰ আভাস দিয়ে৷ জিলাখনৰ ঐতিহাসিক লোক জীৱন, লোকাচাৰ তথা অৰ্থ-সামাজিক আৰু সামগ্ৰিক ক্ষেত্ৰৰ কিছু তথ্যও ইয়াতে পোৱা যায়৷ জিলাখনৰ বুকুৱেদি বৈ যোৱা কলং, কপিলী, কিলিঙ নদীয়ে একালত এই ঠাইত ৰাজত্ব কৰা আৰিমত্ত, জোঙাল বলহু, গোভা, মায়ং, বঘৰা, ডিমৰীয়া, দন্দুৱা, বাৰপূজীয়া ইত্যাদি ৰজাসকলৰ দিনবোৰ সোঁৱৰাই দিয়ে৷ ইয়াৰোপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা ঐতিহ্যমণ্ডিত স্থানসমুহ আৰু ইয়াত বসবাস কৰা লোকসকলৰ জীৱনশৈলীয়ে তেতিয়াৰ জীৱন, লোকৰীতি-লোকাচাৰৰ লগতে পৰিৱৰ্তনশীল সময়ৰ সাম্যক জ্ঞান দিয়ে৷
মৰিগাঁও জিলাত বসবাস কৰা লোকসকলৰ ভিতৰত বিশেষকৈ তিৱা, বড়ো, কছাৰী আৰু কাৰ্বি আদি জনজাতিৰ লোকসকলেই মুলত: ইয়াৰ ভূমিপুত্ৰ বুলি ধৰা হয়৷ ইয়াৰোপৰি বিভিন্ন সময়ত এই জিলালৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক আহি এতিয়ালৈ ঐক্য-সংহতিৰ এক সমন্বয় ক্ষেত্ৰ হিচাবে গঢ় দি তুলিছে৷



মৰিগাঁৱৰ ঐতিহ্য
মৰিগাঁৱত বহুখিনি ঐতিহাসিক সমল আছে৷ লেখা এটাৰ মাধ্যমেৰে এইসমূহ সামৰাটো সম্ভৱ নহয়৷ তথাপিও ইয়াৰ ভিতৰত মায়ংৰ কথা উল্লেখ নকৰিলে ভুল হব৷ মহাভাৰতত ইয়াৰ উদ্ধৃতি আছে আৰু সেইমতে ভীমৰ পুত্ৰ ঘটোৎকচ এই মায়ংৰ ৰজা আছিল আৰু তন্ত্ৰ-মন্ত্ৰ শক্তিৰ অধিকাৰী আছিল৷ সেই সময়ৰে পৰা ভাৰতৰ তন্ত্ৰ-মন্ত্ৰ তথা কলাযাদুৰ মুল পীঠস্থলী আছিল এই মায়ং যত একালত অপদেৱতাক সন্তুষ্ট কৰিবলৈ প্ৰতিবছৰে নৰবলি পৰ্যন্ত দিয়া হৈছিল৷ বৰ্তমানলৈ এই সমূহ নাই যদিও ইয়াৰ গৰঙা মন্দিৰৰ পৰিসৰত সংগৃহিত শাস্ত্ৰ, পাণ্ডুলিপি তথা তন্ত্ৰমন্ত্ৰত ব্যৱহৃত সমলসমুহে এৰি অহা সময়ৰ মায়ংখনৰ দস্তাৱেজ তুলি ধৰে৷ ইয়াৰোপৰি প্ৰায় চাৰি মিটাৰ দীঘল তথা এচিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ শিলালিপিও এই মায়ংতেই আছে৷ অঞ্চলটোত পোৱা বিভিন্ন পৌৰাণিক মন্দিৰৰ ভগ্নাৱশেষে পাঁচ হাজাৰ বছৰ পুৰণি ঠাইখনৰ সমকালীন সময়ৰ এক প্ৰতিচ্ছবি তুলি ধৰে৷ মায়ংৰ উপৰিও ধৰমতুলৰ শিলচাং ৰাজদৰবাৰ, বঘৰাৰ কইনা কন্দা শিলতো আছে৷ঐতিহ্য তথা জনশ্ৰোতিৰ কিছু ধুসৰিত পৃষ্ঠা
 
প্ৰকৃতিৰ, পৰম্পৰা, সময়ৰ কিছু কথা:-
প্ৰাকৃতিকভাৱেও মৰিগাঁও যথেষ্ঠ চহকী৷ পবিতৰা অভয়াৰণ্য আজিৰ তাৰিখত এশিঙীয়া গড়ৰ ক্ষেত্ৰত এখন লেখত লবলগীয়া স্থান যত এশিঙীয়া গড়ৰ ঘণত্ব আন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যতকৈ বহু বেছি৷ ইয়াৰ জৈৱ-বৈচিত্ৰও মন কৰিবলগীয়া৷ এই পবিতৰাৰ লগতে মৰিগাঁৱৰ বিভিন্ন বিল তথা জলাশয় পৰিভ্ৰমী চৰাইৰ বাবে ঋতুভেদে এক উত্তম ঠাই৷ চাৰণ বিল, দন্দুৱা বিল ইত্যাদিবোৰ প্ৰাকৃতিৰ সমলৰ দিশেৰে যথেষ্ঠ চহকী৷ তথ্য অনুযায়ী মৰিগাঁও ভাৰতৰ ভিতৰতে এনে এখন লেখত লবলগীয়া জিলা যত জলাশয়ে সাঙুৰি থকা এলেকা সকলোতকৈ বেছি৷
পৰম্পৰাৰ দিশেৰে চাবলৈ গলেও মৰিগাঁও এখন লেখত লবলগীয়া ঠাই৷ গোভা ৰাজ্যৰ স্বৰ্ণীল আৰ্থ-সামাজিক ব্যৱস্থাৰ এক দস্তাৱেজ হল মৰিগাঁৱৰ জোনবিল মেলা৷ এতিয়াও মাঘ বিহুৰ পাছৰ শণিবাৰটোত এই মেলা বহে আৰু এই জনসমুদ্ৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনভুমিত পৰিণত হয়৷ মুলত: কৃষিজীৱি লোকৰ বসতিস্থল এই জিলাখনত স্থাপন কৰা বনাঞ্চল গৱেষণা কেন্দ্ৰ, জাগীৰোড কাগজ কল, জাগীৰোডৰ শুকানমাছৰ বজাৰ ইত্যাদিবোৰে জিলাখনক আগুৱাই যোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাই আহিছে৷


মৰিগাঁও সম্পৰ্কে আমাৰ অনুভৱ
শেহতীয়াকৈ মৰিগাঁও জিলালৈ যোৱাৰ সৌভাগ্য ঘটিছিল৷ এক ভাবিবনোৱাৰা সন্মোহন আছে জিলাখনত৷ পিছে, ১৯৮৯ চনতে জিলা ঘোষণা কৰা জিলাখনৰ সদৰ ঠাই মৰিগাঁও চহৰখনৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ উন্নয়ন পৰিলক্ষিত নহল৷ বাট-পথৰ ক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷ পৌৰ এলেকাৰ ভিতৰত থকা মুল পথটোৰ লগতে আটাইকেইটা ৱাৰ্ডৰ বাট-পথৰ উন্নয়ন সাধিবলগীয়া আছে যেন ভাব হয়৷ লগতে চহৰখনৰ জাৱৰ নিস্কাষণ ব্যৱস্থাটো সঠিক নহয় যেন ভাব হল৷ আনহাতে নলা-নৰ্দমাও সুপৰিকল্পিত নোহোৱাৰ বাবে এজাক বৰষুণতে বাট-পথত পানী জমা হোৱা পৰিলক্ষিত হল৷ বিভিন্ন বিভাগৰ এই ক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷
জিলাখনৰ ঐতিহাসিক ক্ষেত্ৰসমূহ সংযোগ কৰি ৰখা মুল বাট-পথবোৰৰো উন্নয়ন সাধিবলগীয়া আছে৷ কিয়নো যেতিয়ালৈকে বাট-পথ ঠিক নহয়, তেতিয়ালৈকে পৰ্যটনৰ ক্ষেত্ৰখনৰ উত্তৰণ সম্ভৱ নহয়৷ চাৰণ বিলক পৰ্যটনৰ আকৰ্ষণীয় থলী হিচাবে গঢ়ি তুলিবলৈ বহুখিনি কাম কৰিবলগীয়া আছে৷ কিছু আধুনিক সংমিশ্ৰণেৰে এই বিলৰ পাৰত সন্ধিয়াৰপৰা আলোকসজ্জাৰ এক মায়াবী সংযোজন ঘটোৱাই পৰ্যটনৰ এক আকৰ্ষণীয় থলি হিচাবে গঢ়ি তোলাৰ থল আছে৷   
মায়ংক সঠিক ৰূপত উপস্থাপন কৰিবলগীয়া আছে৷ ইতিহ্যৰ বিষয়সমূহ সঠিক ৰূপত সজাই তুলি পৰ্যটকৰ বাবে ডাঙি ধৰিলে কেৱল মায়ংক কেন্দ্ৰ কৰিয়েই মৰিগাঁৱত পৰ্যটনৰ উত্থানৰ জয়যাত্ৰা আৰম্ভ হব পাৰে৷ গাতে লাগি থকা পবিতৰা অভয়াৰণ্যই এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব৷ মায়ংৰ লগত জিলাখনৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথসমূহৰ উন্নয়ন কৰিলেহে পৰ্যটনৰ বিশ্বমুখী যাত্ৰাত মায়ঙে বাট বুলিব পাৰিব৷
এই ঠাইসমূহৰ উপৰিও আঁহতগুৰি, পাটেকীবড়ি আদিৰ দৰে যিসমূহ স্থানৰ ঐতিহ্য আছে সেইসমূহ স্থানৰ ওপৰিও আন আন ক্ষেত্ৰসমূহৰ উন্নতি সাধন কৰি জিলাখনৰ পৰ্যটনৰ মানচিত্ৰত সংযোগ কৰিবলগীয়া আছে৷
মৰিগাঁৱৰ বৃহৎ জলৰাশিত বিজ্ঞানসন্মতভাবে মীনপালন কৰিলে নিবনুৱাসকল বহু পৰিমানে স্বাৱলম্বী হব৷ প্ৰশাসন তথা মীন বিভাগে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ললে ইয়াৰপৰা এক বুজন পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা যাব বুলি ভাৱ হয়৷ 


       মৰিগাঁৱৰ পৰ্যটন/ সামগ্ৰিক উত্তৰণৰ বাবে লবপৰা সাম্ভাব্য পদক্ষেপ:-

বিশ্বৰ পৰ্যটনৰ মানচিত্ৰত আগুৱাবলৈ ভাৰতৰ বিভিন্ন স্থানত কিছুমান দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনা লোৱা দেখা গৈছে৷ বহু ঠাইত এইসমূহ পদক্ষেপ ফলপ্ৰসু হৈছে৷ মৰিগাঁৱৰ ক্ষেত্ৰত এই কামসমুহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক ক্ষিপ্ৰতামুলক (Mission Mode) কৰ্মসুচী ললে সুফল পাব বুলি আমাৰ বিস্বাস৷ মৰিগাঁও চহৰখনকে মুখ্য কৰি আন আন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে জিলা প্ৰশাসনে এক বিশেষ প্ৰকল্প গোট” (Special Project Team) খুলি ইয়াত সংষ্লিষ্ট বিভাগ (Stake holding departments)ৰ বিষয়া, সমাজৰ নেতৃস্থানীয় ব্যক্তি, বিভিন্ন অনুষ্ঠান-প্ৰতিস্থান তথা সংগঠনৰ নেতৃবৰ্গক লৈ এখন সমাজ গঠন কৰি (পঞ্জীয়নভুক্ত) বাৰ্ষিক কৰ্মসুচী প্ৰস্তুত কৰি অগ্ৰসৰ হলে সুফল পাব বুলি ভাবোঁ৷
আনহাতে, চহৰৰ চাফ-চিকুনতাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ হেতু বিভিন্ন দল-সংগঠন, ব্যৱসায়িক সমুদায়ৰ সহায়ত পৌৰসভাই নিজাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ কিয়নো ৰাইজ সজাগ নহলে চাফ-চিকুণতাৰ ক্ষেত্ৰত বহু কিবা-কিবি পৰিকল্পনা কৰিলেও বিশেষ লাভ নহব৷
জিলাখনৰ প্ৰতিখন ঐতিহ্যক্ষেত্ৰৰে ক্ষেত্ৰভিত্তিক জৰীপ কৰি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনিৰ খচৰা প্ৰস্তুত কৰি সেইমতে আগবাঢ়িলে সুফল নোপোৱাৰ কথা নাহে৷ সঠিক পৰিকল্পনাতে যিকোনো কামৰে আধা শেষ হোৱা বুলি ধৰা হয়৷ গতিকে চৰকাৰী বিভাগসমূহে পৃথকে পৃথকে কাম নকৰি দলবদ্ধভাৱে এই ক্ষেত্ৰসমূহৰ উত্তৰণৰ হেতু মনোনিৱেশ কৰিলে সুফল লাভ কৰাটো সহজসাধ্য হব৷
     শেহতীয়াকৈ অসমৰ এজন সুযোগ্য সন্তান হেমেন দাসে মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ পূৰ্বতে অসম চৰকাৰৰ পৌৰ প্ৰশাসন বিভাগৰ সঞ্চালকৰ দায়িত্বত থকা উপায়ুক্তজনৰ পৌৰ এলেকাৰ উন্নয়নৰ সন্দৰ্ভত যথেষ্ঠ অভিজ্ঞতা আছে৷ এতিয়া তেখেতৰ নেতৃত্বত পৌৰ এলেকাৰ লগতে মৰিগাঁৱৰ ঐতিহ্যক্ষেত্ৰসমূহৰ সংবৰ্ধন তথা সংৰক্ষণৰ ক্ষেত্ৰত কিছু অগতানুগতিক তথা ফলপ্ৰসু কাম হব বুলি আমাৰ দৃঢ় বিস্বাস৷



পৰিশেষত:-  
পূৰ্বৰ এটা লেখাতো এই কথা উল্লেখ কৰিছিলোঁ যে অসম সাহিত্য সভাৰ সফলতম অধিৱেশন বুলিলে প্ৰথমে মৰিগাঁও অধিৱেশনৰ নামেই আহে৷ এতেকে মৰিগাঁৱত ভাল মানুহৰ, ভাল মনৰ, ভাল চিন্তাৰ অভাৱ নাই৷ যিকোনো ঠাই এখনৰ বিকাশৰ বাবে বহুত ডাঙৰ কিবাকিবি নকৰি সৰু-সুৰা কাম কিছুমান হাতত ললেই এটা প্ৰক্ৰিয়া আৰম্ভ হয়৷ এই প্ৰক্ৰিয়াটোৱে এক আৰম্ভণি দিয়ে, এক গতি দিয়ে৷ মৰিগাঁও জিলাখনত সমলৰ দিশেৰ সকলো আছিল আৰু এতিয়াও আছে ৷ কেৱল ঐক্যবদ্ধ প্ৰচেষ্টাৰে নিজৰ জিলা বুলি সকলোৱে গণ্য কৰি কৰণীয় কামসমূহ চলাই নিলে অতি কম সময়ৰ ভিতৰতে জিলাখনত পৰ্যটনক এক উদ্যোগ হিচাবে গঢ়ি তোলাতো সম্ভৱপৰ হৈ উঠিব৷
    
                                   
                                     - - -